News Next One

Ganeshguri, Ganesh Mandir, Guwahati, 781006
News Next One News Next One is one of the popular Media/News Company located in Ganeshguri, Ganesh Mandir ,Guwahati listed under Media/news company in Guwahati ,

Contact Details & Working Hours

More about News Next One

সঘন পট পৰিৱৰ্তন, ৰাজনৈতিক হস্তক্ষেপ আৰু তীব্ৰ প্ৰতিদ্বন্দিতামূলক বৰ্তমানৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰখনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিততে উত্থাপিত হয় বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা। আৰু এনে প্ৰয়োজনীয়তাৰ আকাংক্ষাৰ মাজতে জন্ম News Next Oneৰ। News Next Oneক সকলোৰে মাজলৈ আগবঢ়াই আনিছে বিকল্প মিডিয়াই। সমূহ অসমবাসীক বিকল্পৰ সন্ধান দিয়াৰ বিনম্ৰ প্ৰয়াস News Next One।
প্ৰকৃত অৰ্থত বাতৰি পৰিৱেশনত গুৰুত্ব আৰোপ কৰে News Next One-এ। কোনো ধৰণৰ আৱৰণেৰে প্ৰকৃত সত্যক ঢাকি ৰখাৰ ঘোৰ বিৰোধী News Next One। অসমৰ প্ৰতিটো চুক-কোণৰ বাতৰি মচলাবিহীনভাৱে ৰাইজৰ মাজলৈ লৈ যাবলৈ সংকল্পবদ্ধ News Next One। আমাৰ প্ৰতিজন সাংবাদিক এনে বাতৰি সম্প্ৰচাৰ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ যিবোৰত টি আৰ পি নাই, কিন্তু তথ্য সমৃদ্ধ, জীয়া বাস্তৱৰে ভৰপূৰ, উদ্ভাৱনীমূলক, ইতিবাচক আৰু দৰ্শক তথা পঢ়ুৱৈ সকলক ভবাই তুলিব পৰা ধৰণৰ।
News Next One-এ ৰাজনৈতিক প্ৰেক্ষাপট, সামাজিক, মনোৰঞ্জন, ক্ৰীড়া, বাণিজ্য, স্বাস্থ্য, বিজ্ঞান, তথ্য়-প্ৰযুক্তি, শিক্ষা, সাহিত্য আদি ক্ষেত্ৰৰ লগতে প্ৰতিটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বা-বাতৰি, ঘটনা প্ৰবাহ মুহূৰ্ততে ইয়াৰ ভিউৱাৰ্ছসকলক জনাবলৈ প্ৰতিজ্ঞাবদ্ধ। আনকি যিবোৰ বা-বাতৰি, ঘটনা প্ৰবাহে পৰম্পৰাগত সংবাদ মাধ্যমত বাণিজ্যিক গুৰুত্ব নথকা বাবে স্থান নাপায় তেনেবোৰ বা-বাতৰিকো আগস্থান দিয়ে News Next One-এ। সামাজিক অসমতা, দুৰ্নীতি-অনিয়ম আদি উদঙাই দিবলৈকো সদা প্ৰস্তুত News Next One। ডিজিটেল বিশ্বৰ সপোনেৰে নৱ প্ৰজন্মক ছচিয়েল মিডিয়াৰ জৰিয়তে সামাজিক দায়ৱদ্ধতাসহকাৰে সকলো দিশতে আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰে News Next One-এ। সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনকো News Next One-এ সমানেই প্ৰাধান্য দিয়ে। অনলাইন তথা ইউনিকোডত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাটোও News Next Oneৰ অন্যতম লক্ষ্য।

Map of News Next One