Jatiyo Suraksha Parisad, Asom

Tengakhat, Dibrugarh, 786184
Jatiyo Suraksha Parisad, Asom Jatiyo Suraksha Parisad, Asom is one of the popular Organization located in Tengakhat ,Dibrugarh listed under Organization in Dibrugarh ,

Contact Details & Working Hours

More about Jatiyo Suraksha Parisad, Asom

অসম সুৰক্ষা সেনাৰ সংবিধানৰ ১ম ভাগৰ কিয়দাংশ বিবেচনা আৰু আলোচনাৰ বাবে আগবঢ়ালো ৷
ভাগ ১ :
অধ্যায় ১ : অসম সুৰক্ষা সেনা আৰু সাংগঠনিক ক্ষেত্ৰ :
১) অসম সুৰক্ষা সেনা অসমীয়া ভাষা, সংস্কৃতি, সমাজ আৰু পৰিৱেশ তথা অসমৰ ভৌগোলিক সীমা মূল হ’ব ৷
২) ৰাজনৈতিক মাপকাঠিৰে বিভাজিত তথা সংগঠিত হ’ব ৷
৩) বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠি, সম্প্ৰদায়, ধর্ম বা বর্ণ নিৰপেক্ষতাৰে “বৃহত্তৰ অসমীয়া জাতি নির্মাণ আৰু পালন” শীর্ষক জাতীয় চেতনাৰে সংঘৱদ্ধ হ’ব ৷
৪) মানৱতাবাদ, ভাৰতীয় সংবিধান আৰু আইন সাৰোগত কৰি বৃহত্তৰ অসমীয়া জাতিৰ আৰু অসম ভূমিৰ প্ৰতিজন অসমীয়ালৈ সমভাৱ, সদভাৱ, সমমর্যাদাৰে সংগ্ৰামী সেৱা আগবঢ়াব ৷
৫) 'কর্ম-সংস্কৃতিৰ বিপ্লৱ বা আন্দোলন তথা আলোড়ন' গঢ়ি তুলিব ৷
৬)সকলো ব্যক্তি, সংগঠন আৰু চৰকাৰৰ হিতকৰ তথা গঠনমূলক কামত সহযোগিতা অগবঢ়াব ৷
৬) অৰাজনৈতিক সংগঠনৰ মজিয়াৰ পৰাই ৰাজনৈতিক প্ৰেক্ষাপতত বিৰোধি দ'লৰ ভূমিকা পালন কৰিব ৷
৭) শান্তি, সম্প্ৰিতি, সমন্বয় আৰু সমৃদ্ধিৰ আধাৰত প্ৰতিষ্ঠিত অসম তথা অসমীয়াৰ সুৰক্ষাৰ হকে যিকোনো মূল্যৰ বিনিময়ত দায়ৱদ্ধ হব আৰু দায়ৱদ্ধতাৰে দায়িত্ব আৰু কর্তব্য পালন কৰিব ৷
৮) দূর্ণীতি, অৰাজকতা, বৈষমতা, কুসংস্কাৰ (যৌতুক প্ৰথা আদি), অন্ধবিশ্বাস (ডাইনী হত্যা আদি), ঠগ-প্ৰৱঞ্চনাৰ আদিকে ধৰি সমূহ অপৰাধ আৰু অন্যায়-অবিচাৰ-অত্যাচাৰৰ বিৰুদ্ধে যোঁজ দিব ৷
৯) প্ৰাথমিক চর্ত হিচাপে সদায় মানি চলিব :
ক) ৰূদ্ধতাৰ আন্দোলনৰ পোষকতা নকৰে ; আন্দোলন হ'ব লাগিব গতিৰ বাবে ৷
খ) ব্যক্তি স্বার্থ আৰু ব্যক্তিগত স্বার্থৰ উর্দ্ধত বৃহত্তৰ অসমীয়া জাতীয় আৰু মানৱীয় স্বার্থ সদায় আগত ৰাখিব ৷
১০) বৃহত্তৰ অসমীয়া জাতি, অসমৰ ভৌগোলিক সীমা, অসমীয়া ভাষা, সমন্বিত অসমীয়া সংস্কৃতি তথা সমাজ আৰু মানৱীয় প্ৰমোল্যবোধ ৰক্ষার্থে দায়ৱদ্ধ হ’ব ৷
১১) অসমৰ থলোৱাৰ স্বার্থ, সংস্কৃতি, প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত উত্তৰণ, সংৰক্ষণ, মূল্যায়ণ আৰু প্ৰসাৰৰ বাবে দায়ৱদ্ধ হ’ব ৷

অধ্যায় ২ : ক্ষেত্ৰ নিৰূপণ আৰু সংযোজন :
ক) অসম ৰাজ্যিক ভেতিত ভাৰতীয় সংবিধানিক বিভাজন আৰু সংযোজন মানি চলিব ৷
খ) বিধানসভা সমষ্টিৰ আর্হিত নির্মিত উপসমিতিসমূহৰ কর্ম ক্ষেত্ৰ কম – বেছি কৰিব পাৰিব ৷
গ) বিধানসভা সমষ্টিৰ আর্হিত নির্মিত উপসমিতিসমূহৰ কর্মী ক্ষেত্ৰ কম – বেছি কৰিব পাৰিব ৷
ঘ) বিষয় ক্ষেত্ৰ কম – বেছি কৰিব পাৰিব ৷
(বি:দ্ৰু: - ইয়াৰ বাবে সাধাৰণ ধাৰা ১ম মানি চলিব লাগিব ৷
অর্থাৎ, সাধাৰণ বিধেয়ক গৃহিত হোৱাৰ পাছত পুণৰ বিবেচিত হ’ব কেন্দ্ৰীয় বিধেয়ক হিচাপেও গৃহিত হ’ব লাগিব আৰু অন্তত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মূল সদনত অনুমোদিত হ’ব লাগিব ৷)

অসম সুৰক্ষা সেনাৰ সংবিধানৰ ২য় ভাগৰ কিয়দাংশ বিবেচনা আৰু আলোচনাৰ বাবে আগবঢ়ালো ৷
ভাগ ২ :
ক) সংবিধান প্ৰদত্ত সকলো অসমীয়া এই সংগঠনৰ সদস্য হ’ব পাৰিব ৷
খ) অসমত জন্মা বা অসমীয়াৰ সন্তান হ’ব লাগিব ৷
গ) অসমীয়া ভাষা মাতৃ-ভাষা হ’ব লাগিব ৷
ঘ) প্ৰবাসী অসমীয়া সদস্য হ’ব পাৰিব ৷
ঘ) আদিমূল ভাৰতীয় অঙ্গৰাজ্য অসমৰ বা আইনী বিচাৰ অনুযা্য়ী ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু অসমৰ খিলঞ্জীয়া অসমীয়া হ’ব লাগিব ৷
ঙ) বৃহত্তৰ অসমীয়া জাতি, মাটি, ভাষা, সংস্কৃতিৰ ক্ষেত্ৰত অণুপ্ৰাণিত আৰু মর্যাদা পালন কৰা অন্য-ৰাজ্যৰ লোক হ’ব লাগিব ৷
বি:দ্ৰু: অৱশ্যে সাধাৰণ ধাৰা ২ অনুযায়ী মূল সদস্য বা বিষয় সহায়কৰ বাদে বিষয়বাবৰ অধিকাৰী নহ’ব ৷

অসম সুৰক্ষা সেনাৰ সংবিধানৰ ৩য় ভাগৰ কিয়দাংশ বিবেচনা আৰু আলোচনাৰ বাবে আগবঢ়ালো ৷
ভাগ ৩ :
অধ্যায় ১ : মূল অধিকাৰ :
ক) সংবিধান প্ৰদত্ত তথা গৃহিত সকলো সদস্য আৰু সমিতিৰ ক্ষমতা আৰু কর্তব্যই সাংবিধানিক মর্যাদা আৰু মুক্ততা পাব ৷
খ) সংবিধান প্ৰদত্ত তথা গৃহিত সকলো সদস্য তথা সমিতিয়ে সেই অধিনত সমান মর্যাদা আৰু সুবিধা লাভ কৰিব ৷
গ) সাংবিধানিক নীতি-নিয়ম অনুযায়ীহে অধিকাৰ, আন্দোলন, কর্মসূচী, কর্ম, ক্ষমতা পালন বা সংশোধন হ’ব ৷
ঘ) সাংবিধানিক বিধি বর্হিভূত কোনো সমিতি, উপসমিতি, গোট, ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠান, অনুমোদন, কাৰক, কাৰণ, আদেশ, উপদেশ, আধ্যাদেশ, নির্দেশ, উপবিধি, বিধি, বিনিময়, অধিসুচনা, আন্দোলন, কর্মসূচী, কর্ম বা পদক্ষেপে সাংগঠনিক আৰু সাংবিধানিক মান্যতা নাপাব ৷
ঙ) সংবিধান বিৰোধী বা বর্হিভুত কার্যত লিপ্ত সকলোৰে বাবে সমানুপাতিক শাস্তি পালন কৰা হ’ব ৷
বি: দ্ৰু: শাস্তি আৰু সমতাৰ বাবে সাধাৰণ ধাৰা ১ প্ৰযোজ্য হ’ব ৷

___________________________________

সংবিধানৰ মাজৰ পৰা আলোকপাত কৰিলো -

কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ ক্ষমতা আৰু কর্তব্য বা দায়িত্ব :
(বি: দ্ৰু: ভাৰতীয় সংবিধান অনুযায়ী “ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কর্তব্য”ৰ আধাৰত ৰচনা কৰা হৈছে ৷ ভৱিষ্যতে সংশোধন কৰিবলগীয়া হলেও এই আধাৰতহে হ’ব ৷)
অসম সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অসম সুৰক্ষা সেনাৰহৈ অসমৰ শান্তি, সম্প্ৰিতি, সমন্বয়, উন্নয়ণ তথা সমৃদ্ধি আৰু সুৰক্ষাৰ হকত কিছুমান নির্দিষ্ট ক্ষমতা আৰু কর্তব্য বা দায়িত্বৰে অসম সুৰক্ষা সেনাৰ উচ্চতম পদবীত অধিষ্ঠিত ৷ আনহাতে, অসম সুৰক্ষা সেনাৰ সংবিধানৰ সুৰক্ষা আৰু মর্যাদা পালন কৰা আৰু সাংবিধানিক কর্তব্য বা দায়িত্ব পালন কৰাৰ ওপৰত আপোচবিহীনভাৱে নজৰ ৰাখিব ৷ অসম সুৰক্ষা সেনাৰ সমূহ সদস্যৰ সুৰক্ষা, মিলা-প্ৰীতি, মর্যাদা ৰক্ষাৰ ক্ষেত্ৰত দায়ৱদ্ধ ৷ যিকোনো সমিতি বা নিযুক্তি সাধাৰণ সম্পাদকৰ বিবেচনাৰ পৰা প্ৰেৰিত হ’লেও সভাপতিৰ অনুমোদন ক্ৰমেহে গৃহিত হ’ব ৷ অৱশ্যে বিধান সভা বা তাতকৈ উচ্চ পর্যায়ৰ সমিতি সমূহ গঠন কৰাৰ ক্ষেত্ৰত পোনপতীয়া দায়িত্ব সাংগঠনিক সম্পাদকৰ হাতত থাকিব ৷ তেওঁ প্ৰেৰণ কৰা তালিকা চুড়ান্তভাৱে বিবেচিত কৰিব সাধাৰণ সম্পাদকে আৰু সেই তালিকাত বিশেষ সাংবিধানিক বা আইনগত খুঁত নাথাকিলে সভাপতিয়ে গৃহিত কৰিব ৷ উল্লেখ্য যে, সভাপতি, সাধাৰণ সম্পাদক, আৰু সাংগঠনিক সম্পাদকক লোক সভাৰ আধাৰত ৯ খন বিধানসভাৰ পৰা মিলি মুঠ ১২৬ টা সমষ্টিৰ ১৪ টা গোটৰ পৰা ২ জনকৈ নির্বাচিত হৈ অহা প্ৰতিনিধিৰ মুঠ ২৮ জনীয়া সমিতিয়ে মূখ্য উপদেষ্টাৰ উপস্থিতিত নির্বাচিত কৰিব আৰু বাকী ১১ জনীয়া সমিতিৰ ৮ জন তিনিজনে মিলি দায়িত্ব অর্পণ কৰিব ৷ তাৰ পাছত ৰৈ যোৱা ১৭ জনীয়া সদস্যৰ দ’লটিক সাধাৰণ সম্পাদকে বিভিন্ন বিষয় বা দায়িত্বত নিয়োজিত কৰিব ৷
সভাপতিৰ হাতত তিনিধৰণৰ ক্ষমতা থাকিব ৷ সেইকেইবিধ :- ন্যায়িক ক্ষমতা, কার্যক্ষমতা আৰু সাংগঠনিক ক্ষমতা ৷
ন্যায়িক ক্ষমতা :-
ক) সংবিধান অনুযায়ী সংগঠনটিৰ মর্যাদা বহন কৰাৰ দায়িত্ব ৷
খ) সংবিধান অনুযায়ী সংগঠনটিৰ সকলো সদস্যৰ মাজত একতা বাহাল ৰখাৰ দায়িত্ব ৷
গ) কোনো সদস্যৰ অসাংবিধানিক কার্যৰ বাবে ক্ষমা বা শাস্তিৰ দায়িত্ব ৷
কার্যক্ষমতা :-
ক) সকলো সমিতি বা সভাৰ ওপৰত তদন্ত, স্থগিত আৰু আহ্বান কৰাৰ ক্ষমতা থাকিব ৷
খ) বিত্তীয় মূল হিচাপে সকলো খৰচৰ খটিয়ান ল’ব আৰু অনুমোদন দিব ৷
গ) সাংবিধানিক কার্যসূচীৰ বিপৰতে দিন-বাৰ, সময় বা ঠাই সলনি কৰিব পাৰিব ব্যক্তিগত কাৰণ বা কাৰকৰ বাহিৰে ৷
ঘ) বৃহত্তৰ জাতীয় বা সাংগঠনিক বা সামাজিক স্বার্থৰ ক্ষেত্ৰত আকস্মিকভাৱে সভা, সমিতিৰ আহ্বান কৰিব পাৰিব ৷
সাংগঠনিক ক্ষমতা :-
ক) বিভাগীয় বিষয়াই যুগুত কৰি দিয়া অন্যান্য সমিতি, আঁচনি, কার্যসূচী আদিৰ সাংবিধানিক আৰু আইনী মত বিচাৰ কৰি চড়ান্ত কৰা বা অগ্ৰাহ্য কৰাৰ ক্ষমতা ৷
খ) বিত্তীয় বিষয় আদি কৰি সমুহ তাৎক্ষণিক ক্ষমতা ৷

অসম সুৰক্ষা সেনা !!!

যোগাযোগৰ বাবে
Facebook Group- Axom Suraksha Sena
Email- gs.assena@gmail.com
Cont.No.+918399001596 , +917821034376

Map of Jatiyo Suraksha Parisad, Asom