Deshi Janagosthia Mancha,Dhubri,Assam

Dhubri, 783301
Deshi Janagosthia Mancha,Dhubri,Assam Deshi Janagosthia Mancha,Dhubri,Assam is one of the popular Community located in ,Dhubri listed under Community organization in Dhubri ,

Contact Details & Working Hours

More about Deshi Janagosthia Mancha,Dhubri,Assam

জনসংখ্যাৰ দিশত নামনি অসমৰ অন্যতম বৃহত জনগোষ্ঠি হ’ল দেশী সকল আৰু খিলঞ্জীয়া মুছলমান জনগোষ্ঠি সমূহৰ ভিতৰত দেশী সকলেই আটাইতকৈ সংখ্যাগৰিষ্ঠ| অথচ ৰাজনৈতিক সদিচ্ছা আৰু সবল সামাজিক নেতৃত্বৰ অভাৱত এই জনগোষ্ঠিটো শিক্ষা-দীক্ষা, চাকৰি-বাকৰি তথা আন আৰ্থ-সামাজিক দিশত বহু পিছ পৰি আছে| অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠি যেনে গৰিয়া, মৰিয়া, মাইমল, পঙ্গাল আদিৰ বাবে ইতিমধ্যে অসম চৰকাৰে ’ডেভেল’পমেন্ট কাউঞ্চিল’ গঠন কৰিছে, আৰু অদূৰ ভৱিষ্যতত হয়তো সিহঁতক আৰ্থ-সামাজিক উন্নয়ণৰ বাবে অন্যান্য সাংবিধানিক সুবিধাও প্ৰদান কৰিব| কিন্তু দেশী/উজেনি মানুহৰ সংকীৰ্ণ ৰাজনীতি আৰু দুৰ্বল সামাজিক নেতৃত্বৰ অভাৱত এই জনগোষ্ঠিটো আজি কেৱল সকলো ধৰণৰ চৰকাৰী প্ৰাপ্যৰ পৰাই বঞ্চিত হোৱা নাই, বিভিন্ন সময়ত অবৈধ বাংলাদেশী বুলি অপমানিত হব লগাও হৈছে| দেশী/উজেনী মানুহৰ নিজস্ব কৃষ্টি-সংস্কৃতিও আজি বিজাতীয় বজৰুৱা সংস্কৃতিৰ কৱলত পৰি ধংস প্ৰায়| জনগোষ্ঠিটোৰ এই গুৰুত্বপূৰ্ণ মূহৰ্তত জনগোষ্ঠিৰটোৰ মানুহৰ অধিকাৰ সুৰক্ষাৰ কাৰণে তথা নিজস্ব কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ দ্বাৰা অসম তথা উত্তৰ-পূৱৰ আন খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ সমান আদৰ-সন্মান আদায়ৰ হকে দেশী মানুহৰ মাজত বৰ্তমান প্ৰয়োজন এক বলিষ্ঠ বৌদ্ধিক তথা সামাজিক জাগৰণ|
সেই উদ্দেশ্য আগত ৰাখি যোৱা ১৩ মাৰ্চ ২০১৬ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাচত বিশিষ্ট অসমীয়া সাহিত্যিক শ্ৰী ইমৰাণ হুছেইন ডাঙৰীয়াৰ আহ্বানত এক সভা আয়োজন কৰা হৈছিল| উক্ত সভাত সৰ্ব সন্মতি সাপেক্ষে, দেশী/উজেনী জনগোষ্ঠিৰ শিক্ষিত মানুহসকলক একত্ৰিত কৰি এক বৌদ্ধিক তথা সামজিক জাগৰণ আনিবৰ হকে এক নিৰপেক্ষ, অৰাজনৈতিক মঞ্চ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়| দীৰ্ঘ আলোচনা-বিতৰ্কৰ অন্তত এই মঞ্চৰ নাম ঠিক কৰা হয়- "দেশী জনগোষ্ঠীয় মঞ্চ"| মঞ্চৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে উক্ত সভাতে সাহিত্যিক শ্ৰী ইমৰাণ হুছেইন আৰু কটন কলেজৰ প্ৰবক্তা শ্ৰী আবু মহম্মদ ফৰহাদ হুছেইনক উপদেষ্টা, ভাৰত চৰকাৰৰ বিষয়া তথা অসমীয়া নিবন্ধকাৰ শ্ৰী আশ্বিক-উজ-জামানক সভাপতি, জেষ্ঠ অভিযন্তা তথা চিন্তাবিদ শ্ৰী ইছলামুল হক মন্ডলক উপসভাপতি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক শ্ৰী কিব্ৰিয়া ছিদ্দিকক সাধাৰণ সম্পাদক হিচাপে লৈ এখন অস্থায়ী কেন্দ্ৰীয় সমিতি গঠন কৰা হয়|

Map of Deshi Janagosthia Mancha,Dhubri,Assam