উন্নত প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানে আজি আমাৰ দৈনন্দিন জীৱনটো একেবাৰে শ্ৰমবিহীন আৰু সহজলভ্য কৰি পেলালে । তাতে ব্যস্ততাপূৰ্ণ জীৱনটোত কাৰোয়ে সময় নাই, যদি কাৰোবাৰ পাৰিবাৰিক চিন্তা,কাৰোবাৰ আকৌ কৰ্মক্ষেত্ৰৰ চিন্তা । এই সকলোবোৰ সমস্যা লগলাগি এজন সুস্থ ব্যক্তিকো মানসিক চাপ বৃদ্ধি কৰি মানসিক ভাৱে দুৰ্বল আৰু শাৰিৰীকভাৱে অক্ষম কৰি পেলাইছে । এই সমস্যা বোৰৰ সৈতে যুদ্ধ কৰি থাকোতে হয়তো কোনোবা ক্ষনত আমাৰ জীৱনটো উপভোগ কৰিবলৈ থাকি যায়। অাৰু আমি পাহৰি যাওঁ খেল-ধেমালি কৰি আনন্দৰে জীৱনটো উদযাপন কৰিবলৈ । মনোবিজ্ঞানী সকলৰ মতে খেল-ধেমালিয়েই হৈছে এনে এক মাধ্যম যিয়ে এই সকলোবোৰ সমস্যা দূৰ কৰিব পাৰে। জাৰ্মান দাৰ্শননিক চিল্লাৰ আৰু ইংৰাজ প্ৰকৃতিবিদ স্পেনচাৰে কোৱাৰ দৰে " খেলা-ধূলাটো শিশু বা ব্যক্তিৰ অন্তঃনিহিত শক্তি এটাৰ স্বতঃফূৰ্ত বহিপ্ৰকাশ"। মাকৰ গৰ্ভত থাকোতে হাতভৰি লৰচৰ কৰি ভাল পোৱা শিশুটিৰ পৰা আৰম্ভ কৰি আত্মবিশ্বাসেৰে বালিত ঘৰ সজি আনন্দ পোৱা শিশুটিৰলৈকে
ইয়াকে প্ৰমান কৰে যে "খেল-ধেমালিটো" শিশুৰ জীৱনৰ এটা অবিচেদ্য অংগ।
খেল-ধেমালিৰ জৰিয়তে শিশুৰ মানসিক বিকাশ,সু-স্বাস্থ্যৰৰ গৰাকী, আত্মবিশ্বাসী কৰি তোলাৰ উপৰিও সহানুভূতিশীল,বন্ধুত্বসুলভ, ভাতৃত্ববোধ এইবোৰ গুণৰ অধিকাৰী কৰি তোলে ।এই গুনবোৰৰ অধিকাৰীই হয়তো সূদুৰ ভৱিষ্যতে এজন সুনাগৰিক হব আৰু সু্স্থ সমাজ গঢ়ি তুলিব । আহক আমি তাৰে কামনাৰে হাতত হাত ধৰি আগুৱাই যাওঁ এটা নতুন দিগন্তৰ দিশে ।
সাধাৰণতে দেখা যায় বিদ্যালয়,মহাবিদ্যালয় বোৰত প্ৰতি বছৰে ক্ৰিয়া সপ্তাহ সমাৰোহ অনুষ্ঠিত হয় । কিন্তু ইয়াৰ দ্বাৰা কিমান ছাত্ৰ ছাত্ৰী লাভাম্বিত হৈছে আৰু কিমান আকৰ্ষিত হৈছে খেল ধেমালিৰ প্ৰতি ই এটা ডাঙৰ প্ৰশ্ন ?
আমি সুব্যবস্থাপনাৰে প্ৰতিযোগিতা বোৰ আয়োজন ক ৰি ছাত্ৰ ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰাৰ উপৰিও নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ এখন মঞ্চ গঢ়ি তুলিম ।
টেলিভিচন, মবাইল, কম্পিউটাৰ আৰু ইন্টাৰনেটৰ যুগত আমাৰ যুৱ সমাজ ইমানেই ব্যস্ত যে অকণমান মুকলি ঠাই আৰু খেল পথাৰত গৈ অৱসৰ বিনোদন কৰিবলৈ সময় নাই । দিনক দিনে খেল ধেমালিৰ প্ৰতিও ইচ্ছা কমি গৈছে ।আমি বিচাৰো উঠি অহা যুৱ সমাজে এইবোৰতে ব্যস্ত নাথাকি অকণমান অৱসৰ সময় উলিয়াই তাক সৎ ব্যৱহাৰ কৰিবলৈ শিকে ।
কলা- সংস্কৃতি ,শিক্ষা আদিৰ দৰে ক্ৰীয়া আৰু খেল-ধেমালিৰো সমানেই অৰিহনা আছে এখন সমাজৰ ভেটি সুদৃঢ় কৰিবলৈ
তথাপিও দেখা যায় ক্ৰীড়া সকলোবোৰ দিশৰ পৰা উপেক্ষিত হয় আহিছে । সেই বাবে হয়তো এজন অভিযন্ত্ৰা বা চিকিৎসকৰ তুলনাত আমাৰ সমাজত সুদূৰ্শ খেলুৱৈৰ অভাৱ ঘটিছে । আমি ক্ৰীড়া সেট্ খনলৈ এটা বিপ্লৱ অহাটো বিচাৰো । যুৱ সমাজে খেলৰ প্ৰতি আৰ্কষিত হওক আৰু ভৱিষ্যতে এজন খেলুৱৈ হোৱাৰ সপোন দেখে ।